নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰীঃ আজি পুলৱামা আক্ৰমণৰ ৪টা বছৰ সম্পূৰ্ণ। সন্ত্ৰাসবাদীৰ আক্ৰমনত নিহত ৪০গৰাকী CRPFৰ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি।
২০১৯ চনৰ আজিৰ দিনটোতে পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হৈছিল ৪০জন বীৰ জোৱানৰ। আজি সমগ্ৰ ভাৰতে পুলৱামা আক্ৰমণৰ শ্বহীদসকলক সেমেকা চকুৰে স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
উল্লেখযোগ্য যে, ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত সন্ত্ৰাসবাদীয়ে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতীয় সেনাৰ ওপৰত চলাইছিল আক্ৰমণ। আক্ৰমণকাৰীয়ে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত চিআৰপিএফৰ কনভয়ৰ এখন বাছত বিস্ফোৰকভৰ্তি বাহনেৰে খুন্দিয়াইছিল। তাৰ পিছতে সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ। এই ঘটনাত ৪০জন চিআৰপিএফ জোৱান শ্বহীদ হৈছিল। আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে।