নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰীঃ আজি ভেলেণ্টাইন ডে’। আজিৰ এই দিনটোত প্ৰেমময় দম্পতীয়ে বিশেষভাৱে উদযাপন কৰা দেখা যায়। প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত পালন কৰা ভেলেণ্টাইন ডে’ক ‘প্ৰেমৰ উৎসৱ’ বুলি কোৱা হয়।
আজি এই বিশেষ দিনটোত ৰঙা ৰং পিন্ধে কিয়নো ইয়াক প্ৰেম আৰু আবেগৰ ৰং বুলি গণ্য কৰা হয়। ভেলেণ্টাইন কেলেণ্ডাৰত, ভেলেণ্টাইন ডে’ সপ্তম দিনত পৰে আৰু ইয়াৰে এই ৰোমাণ্টিক সপ্তাহৰ সমাপ্তি হয়।
প্ৰেমৰ দিৱস উদযাপন অসমৰ পৰম্পৰা নহয় যদিও বহু বছৰ বছৰ ধৰি অসমত বিশেষ ভাৱে একাংশই ১৪ ফেব্ৰুৱাৰী দিনটো পালন কৰি আহিছে ভেলেণ্টাইন ডে’ হিচাবে ৷