নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰীঃ অসমত বৃদ্ধি হ’ল চিকিৎসা মহাবিদ্যালয়ত আসনৰ সংখ্যা৷ পূৰ্বৰ ১২০০ৰ পৰিৱৰ্তে এতিয়া নতুনকৈ বৃদ্ধি পালে আৰু ১০০খন আসন৷ অৰ্থাৎ অসমত সৰ্বমুঠ আসনৰ সংখ্যা হ’ল ১৩০০৷
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুমোদন জনালে এই ১০০ আসনৰ বাবে ৷ বৃদ্ধি পোৱা আসন কেইখন হ’ব কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত।
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত এশখন আসনৰ অনুমোদনৰ বিষয়টোৱে স্বাভাৱিকতে উৎফুল্লিত কৰিব সকলোকে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগক ধন্যবাদ জনায়৷