দিল্লীত শ্ৰদ্ধা হত্যাকাণ্ডৰ পুনৰাবৃত্তি, যুৱতীক হত্যা কৰি হত্যাকাৰীয়ে ফ্ৰীজত ভৰাই থলে মৃতদেহ

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰীঃ শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডই সমগ্ৰ দেশত সৃষ্টি কৰা চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আন এক অনুৰূপ হত্যাকাণ্ড সংঘটিত হৈছে।

যুৱকজনে যুৱতীক হত্যা কৰি ফ্ৰীজত ভৰাই থোৱাই নহয়, হত্যাৰ পিছৰ দিনাই আন এগৰাকী যুৱতীৰৈ সৈতে বহিল বিয়াত।

চাহিল গেহলট নামৰ যুৱকজনে তেওঁৰ প্ৰেমিকাক এখন গাড়ীত হত্যা কৰি ৪০ কিলোমিটাৰ দূৰৰ বাবা হৰিদাস নগৰ অঞ্চলৰ মিত্ৰু গাঁৱত থকা তেওঁৰ ধাবালৈ লৈ গৈ মৃতদেহটো ফ্ৰীজত ভৰাই ৰাখে।

আৰক্ষীৰ অপৰাধ শাখাই ইতিমধ্যে চাহিলক গ্ৰেপ্তাৰ কৰিছে। এই হত্যাৰ কাৰণ হিচাপে চাহিলৰ অবৈধ সম্পৰ্ক বুলিও প্ৰকাশ পাইছে। এগৰাকী প্ৰেমিকা থকাৰ পিছতো চাহিলে দ্বিতীয় এগৰাকী যুৱতীৰ সৈতে বিয়াত বহিবলৈ প্ৰস্তুতি চলাইছিল।

যাৰ বাবে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। দুয়ো বহু বছৰ ধৰি লিভ-ইন সম্পৰ্কতো আছিল। হত্যাৰ বলি হোৱা যুৱতীগৰাকীয়ে দিল্লীত চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে হত্যাকাৰী চাহিলৰ সংস্পৰ্শলৈ আহিছিল।

এই ঘটনাৰ পিছতে এতিয়া হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰ পৰিয়ালে চাহিলৰ মৃত্যুদণ্ডৰ দাবী উত্থাপন কৰিছে।

Assamese NewsDaily time axomDelhi PoliceIndiaKilledNajafgarhNew Delhi