Daily Time Axom

আজি মিচিংসকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং

43

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰীঃ আজি মিচিংসকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। ৰাজ্যজুৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে মাংগলিক ৰীতি-নীতিৰে পালন কৰে আলি আঃয়ে লৃগাং।

এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ’ত বা ব’হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।

আজি ঐনিতমৰ তালে তালে নৃত্যত আত্মহাৰা হৈ পৰিছে মিছিং সমাজ। গুমৰাগ, ঐনিতমেৰে ধ্বনিৰে মুখৰিত হৈছে আকাশ বতাহ।

Comments are closed, but trackbacks and pingbacks are open.