আজিৰে পৰা দৰঙৰ ধূলাত গুণোৎসৱ আৰম্ভ

দৰং জিলাত আজিৰে পৰা ২য় পৰ্যায়ৰ ১ম মূল্যায়নৰ গুণোৎসৱৰ আৰম্ভ হয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ দলগাওঁ শিক্ষাখণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ লগতে গৰাপৰী শিশু কল্যান প্ৰাথমিক বিদ্যালয়ত এই গুণোৎসৱ আৰম্ভ হয়৷ আজি প্ৰথম দিনত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক বিদ্যালয়ৰ কমিটি সকলোৱে প্ৰাতঃসভাত অংশগ্ৰহণ কৰে তাৰ পিছতে ছাত্ৰছাত্ৰীৰ পৰীক্ষা আৰম্ভ হয়৷
গুণোৎসৱ উপলক্ষে এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় । এক শতাধিক ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ দুজন শিক্ষক আছে বিদ্যালয়খনত। আনহাতে ডেক্স- বেঞ্চৰ পৰিমাণ কম হোৱাৰ ফলত এখন বেঞ্চত ৬/৭ জনকৈ ছাত্ৰ-ছাত্ৰী বহিবলগীয়া হৈছে। যাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে বুলি জানিবলৈ দিয়ে খাটনিয়াপাৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক জুষ্ণা হাজৰিকাই। খুব সুন্দৰ কৈ বিদ্যালয় খন সজাই পৰাই তুলিছে বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী মাজেদা খাতুনে। এই গুণোৎসৱত বিদ্যালয় খনলৈ ভাল ফলাফল কঢ়িয়াই আনিব বুলি আশা কৰে সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে পৰিচালনা সমিতিয়ে।

খাৰুপেটীয়াৰ পৰা ৰফিকুল হক ৰ ৰিপ’ৰ্ট

bollywoodDaily time axomIndiapoliticsWorld
Comments (0)
Add Comment