ছবিত অভিনয় কৰি মিয়া খলিফাই কিমান টকা উপাৰ্জন কৰিছিল

মিয়াই ২০১৯ চনৰ ১২ আগষ্টত টুইটাৰত এটা ভিডিঅ’ পোষ্ট কৰিছিল। সেই ভিডিঅ’টোত তেওঁ নিজৰ উপাৰ্জনৰ কথা প্ৰকাশ কৰিছিল। আৰু ব্যৱহাৰকাৰীসকলে আয়ৰ পৰিমাণ বিশ্বাস কৰিব বিচৰা নাছিল।

মিয়াই নীলা ছবিত মাত্ৰ তিনি মাহহে অভিনয় কৰিছিল । কিন্তু সেই কেইমাহমানৰ ভিতৰতে তেওঁ সকলো খ্যাতি বা কুখ্যাতি লাভ কৰিছে। বহুত অনুৰাগীও পায়।
মিয়াই সেই ভিডিঅ’টোত কৈছিল যে তেওঁ পৰ্ণ ছবিত অভিনয় কৰি মুঠ ১২ হাজাৰ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৯ লাখ ৭২ হাজাৰ ৬৪৬ টকা) উপাৰ্জন কৰিছিল।

মিয়াই কয়, “বহুতে ভাবে যে মই ছবিখনৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰিছো। কিন্তু সেয়া সঁচা নহয়। পৰ্ণত অভিনয় কৰি ১২ হাজাৰ ডলাৰ উপাৰ্জন কৰিলোঁ। ইয়াৰ পিছত মই কেতিয়াও পৰ্ণ ষ্টাৰ হিচাপে এটকাও উপাৰ্জন কৰা নাছিলো পৰ্ণ এৰি দিয়াৰ পিছত আন এটা চাকৰি বিচাৰি পোৱাটোও কঠিন হৈ পৰিছিল। তথাপিও মই স্বাভাৱিক জীৱনলৈ ঘূৰি আহিলোঁ।”

মিয়াই এই দাবী কৰাৰ পিছত তেওঁৰ অনুৰাগীসকল হতভম্ব হৈ পৰে। পৰ্ণ ছবিত কাম কৰাৰ বাবেই বিশ্বজুৰি খ্যাতি হৈছে, কিন্তু তেওঁ মাত্ৰ ইমানহে টকা উপাৰ্জন কৰিলেনে?

বহুতে এই ভিডিঅ’টো দেখি আচৰিত হৈছিল আৰু জানিব বিচাৰিছিল অভিনেত্ৰীগৰাকীয়ে সঁচা কথা কৈছে নে নাই।

এজন জনপ্ৰিয় পুৰুষ পৰ্ণ ষ্টাৰেও মিয়াৰ এই টুইটটো ৰিটুইট কৰে। তেওঁ হৈছে জনী চিন্স। কিন্তু পোনপটীয়াকৈ একো নোকোৱাকৈয়ে জনীয়ে মিয়াৰ উপাৰ্জনক লৈ ঠাট্টা কৰে।

এক সাক্ষাৎকাৰত জনীয়ে কয়, “কোনোবাই যদি আন এটা প্ৰডাকচন কোম্পানীত কাম কৰে তেন্তে নিৰ্দিষ্ট পৰিমাণৰ পাৰিশ্ৰমিক দিয়া হয়। যদি কোনোবাই আন এজেন্সীৰ বাবে ১২খন পৰ্ণ ছবিত কাম কৰে তেন্তে তেওঁ প্ৰায় ১২ হাজাৰ ডলাৰ উপাৰ্জন কৰিব। কোনোবাই যদি ৩৬৫খন ছবিত কাম কৰে তেন্তে সেই অনুসৰি উপাৰ্জন কৰিব। তাৰ বাবে আপুনি নিজৰ কাম নিজে কৰা উচিত। যদি আপুনি নিজেই কাহিনীটো সৃষ্টি কৰি সেই নীলা ছবিখনত নিজেই অভিনয় কৰে তেন্তে উপাৰ্জন বহু বেছি। টকাই জীৱন।

২০১৮ চনত গুগলত অনুৰাগীৰ সন্ধানৰ ক্ষেত্ৰত মিয়াই দ্বিতীয় স্থান লাভ কৰিছিল। অৱশ্যে তাৰ বহু আগতেই তেওঁ নীলা ছবিৰ জগতখন এৰি থৈ গৈছিল।

সাত বছৰ আগতে মিয়াই নীলা ছবিৰ জগতখনক বিদায় দিছিল। অৱশ্যে এতিয়াও ছ’চিয়েল মিডিয়াত তেওঁক বিচাৰি থকা হৈছে। আজিকালি তাই কি কৰিছে, কাৰ লগত আছে, বিয়া হৈছে নে নাই, মিয়াক লৈ তাইৰ অনুৰাগীৰ কৌতুহলৰ অন্ত নাই।

অতীতক এৰি মিয়া এতিয়া ফেশ্বন জগতত যথেষ্ট বিখ্যাত। ইনষ্টাগ্ৰামত তেওঁৰ প্ৰায় তিনি কোটি ফ’ল’ৱাৰ আছে।

ছচিয়েল মিডিয়া পেজত মিঞাই প্ৰায়ে নিজৰ বিভিন্ন ছবি শ্বেয়াৰ কৰে। কেতিয়াবা আড়ম্বৰপূৰ্ণ কাপোৰ পিন্ধি কেতিয়াবা কাপোৰ নোহোৱাকৈ কেমেৰাত ধৰা দিয়ে।


মিয়াই এক সাক্ষাৎকাৰত প্ৰকাশ কৰে যে অতীতে তেওঁক এৰি নাযায়। তেওঁ কয়, “নীলা ছবিৰ জগতৰ পৰা ওলাই অহাৰ পিছত আটাইতকৈ ডাঙৰ সমস্যা আছিল জনসাধাৰণৰ মাজলৈ অহা।” মানুহে মোৰ ফালে এনেদৰে চাইছিল যেন মোৰ কাপোৰৰ মাজেৰে মোৰ শৰীৰটোলৈ চাই আছে। বৰ লাজ লগা আছিল। মোৰ যেন লুকুৱাবলৈ একো নাই। মাউছৰ এটা ক্লিকতে মোৰ জীৱনটো সকলোৰে বাবে মুকলি হৈ পৰে।”

AssamDaily time axomGuwahatiIndiaInternationalpoliticsWorld
Comments (0)
Add Comment