তুৰস্কৰ ভূমিকম্পৰ ২৪৮ ঘণ্টাৰ পিছত জীৱিত অৱস্থাত উদ্ধাৰ কৰা কিশোৰীক

ভূমিকম্পত আক্ৰান্ত তুৰস্ক এতিয়া কাৰ্যতঃ মৃত্যুমুখত পৰিছে।

মৃতকৰ সংখ্যা ৪১ হাজাৰৰো অতিক্ৰম কৰিছে। এনে পৰিস্থিতিত দুৰ্যোগৰ ২৪৮ ঘন্টাৰ পিছত উদ্ধাৰকাৰী দলে ১৭ বছৰীয়া কিশোৰীক ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰিছে।

সকলোৱে আচৰিত হৈছে ইমানদিন আৱদ্ধ হৈ থকাৰ পিছতো কেনেকৈ বাচিল কিশোৰীজনী। জানিব পৰা মতে ছোৱালীজনী এতিয়া সুস্থ হৈ উঠিছে।

মৃতকৰ স্তূপৰ মাজত এটা জীৱিত আত্মাক উদ্ধাৰ কৰি উদ্ধাৰকাৰীসকলো উল্লাসিত হৈ পৰিছে।

AssamDaily time axomIndiaInternationalpoliticsWorld
Comments (0)
Add Comment