নামতিত দিবা-নৈশ মেগাপ্রাইজমণি ক্রিকেট প্রতিযোগিতাৰ আয়োজন

১২ লাখ বাজেটৰ খেলখনৰ সর্বমুঠ প্রাইজমণি ৫ লাখ টকা।

বহিঃৰাজ্যৰ খেলোৱৈ অংকুৰ সিংহইয়ো খেলিব এটা দলৰ লগত।

উজনি অসমৰ “মিনি আই. পি. এল” কথাষাৰ শুনিবলৈ আচৰিত লাগিলেও এইটোৱেই সঁচা

বিগত চৈধ্য বছৰ ধৰি অনুষ্ঠিত হৈ অহা খেলখন উপভোগ কৰিবলৈ আগমন ঘটে হাজাৰ হাজাৰ লোকৰ

শিৱসাগৰ জিলাৰ নামতি চাৰি আলি যুৱ সমাজৰ আৰু মেট্ৰ ক্লাৱৰ সৌজন্যত বৃহত্তৰ নামতিবাসী ৰাইজৰ সহযোগত পঞ্চদশ বার্ষিক (অসমৰ আইপি এল খ্যাত) দিবা-নৈশ মেগা-প্ৰাইজমণি টেনিচ বল ক্রিকেট প্রতিযোগিতাৰ আয়োজন কৰিছে ।

অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীৰ নামতি চাৰি আলি হাইস্কুল খেল পথাৰত অনুষ্ঠিত হ’ব লগা খেলখনৰ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ।

উল্লেখ যে, সর্বমুঠ ৫,০০,০০০ ( পাঁচ লাখ ) টকা প্রাইজমণি প্রাইজমণি অসমৰ লগতে বহিঃৰাজ্যৰ মুঠ ৩২ টা দলেহে অংশ গ্রহণ কৰিব ।

আনহাতে, অতি অত্যাধুনিক কাৰিকৰী প্ৰযোক্তিবিদ্যাৰে খেলখন উপভোগ কৰিব পাৰিব ক্ৰীড়াপ্ৰেমী ৰাইজে ।

২৩ ফেব্ৰুৱাৰী চূড়ান্ত খেলৰ দিনাখন অসমৰ কেইবাজনে জনপ্ৰিয় কণ্ঠ শিল্পিয়ে অংশ গ্ৰহণ কৰি গীত পৰিৱেশন কৰিব ।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment