Daily Time Axom

“পশুধন আৰু হাঁহ-কুকুৰা মেলা ২০২৩”ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই

0 31

অসমক দেশৰ শীৰ্ষ ৫ খন উন্নত ৰাজ্যৰ এখন হিচাপে গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্ৰীৰ যি পৰিকল্পনা, সেয়া বাস্তৱায়িত কৰাৰ দিশত পশুপালন খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ যথেষ্ট থল আছে। মুখ্যমন্ত্ৰীগৰাকীৰ এই দৃষ্টিভংগীক সাৰোগত কৰি কালিৰেপৰা খানাপাৰাত আৰম্ভ হোৱা “পশুধন আৰু হাঁহ-কুকুৰা মেলা ২০২৩”ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি আয়োজিত “Problems and Prospects of Animal Husbandry in the State with Special Reference to Market Dynamics” শীৰ্ষক মত বিনিময় অনুষ্ঠানত অংশ লয় মন্ত্ৰী অতুল বৰাই।

আজিৰ এই পোনপটীয়া আলাপ অনুষ্ঠানটিত “অসম গৌৰৱ” বঁটাৰে সন্মানিত কেইবাগৰাকীও প্ৰগতিশীল কৃষকৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা অন্যান্য প্ৰগতিশীল কৃষকসকল আৰু কৃষক প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে পশুপালন খণ্ডটোত সন্মুখীন হোৱা সমস্যাসমূহৰ লগতে বিভিন্ন দিশৰ সন্দৰ্ভত আলোকপাত কৰে।

পশুপালন খণ্ডটোৰ সৰ্বাংগীণ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে তেওঁলোকে কেইবালানিও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।

অসম পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, উপাধ্যক্ষ পৰেশ বৰকাকতি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালিকা ইন্দিৰা কলিতা, সচিব অনিল দেউৰী, অসম কৃষি আয়োগৰ সদস্য ড° হলধৰ দেৱশৰ্মা, অসম গৌৰৱ বঁটা বিজয়ী প্ৰগতিশীল কৃষক আকাশ জ্যোতি গগৈ, মনোজ বসুমতাৰী, ডাঃ পংকজলাল গগৈ প্ৰমুখ্যে বিভাগীয় অন্যান্য বিষয়াসকল, কৃষি আৰু পশুপালন খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু প্ৰগতিশীল কৃষকসকল আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.