ভেলেণ্টাইন ডে’ মাত্ৰ পাৰ হৈ গ’ল। চহৰৰ পৰা উপকণ্ঠ অঞ্চললৈকে ভেলেণ্টাইন ডে’ উদযাপন কৰা হয়। বহুতে প্ৰেমৰ দিনটোত আপোনজনক উপহাৰেৰে ভৰাই তুলে। প্ৰতি বছৰে ভেলেণ্টাইন ডে’ৰ পিছত বিভিন্ন উপহাৰৰ বিক্ৰীৰ পৰিসংখ্যাই একে কথাকে আঙুলিয়াই দিয়ে। কিন্তু এইবাৰ পৰিসংখ্যাই আন কথাহে কৈছে। চলিত বৰ্ষৰ ভেলেণ্টাইন ডে’ত কণ্ডম আৰু মমবাতিৰ শীৰ্ষ বিক্ৰি হোৱা বুলি শেহতীয়াকৈ অনলাইন শ্বপিং কোম্পানী ‘ব্লিংকিট’ৰ অন্যতম নেতা আলৱিন্দৰ ধীন্দছাই এই তথ্য ৰাজহুৱা কৰিছে। গোটেই বছৰটোৰ ১৪ ফেব্ৰুৱাৰীত তেওঁৰ নিজৰ কোম্পানীয়ে সৰ্বাধিক কণ্ডম বিক্ৰী কৰিছিল।

সুগন্ধি, মানিবেগ, চকলেট, ফুলৰ থোপা — এই ধৰণৰ উপহাৰৰ সামগ্ৰী ভেলেণ্টাইন ডে’ৰ পূৰ্বে অনলাইন কোম্পানীয়ে বিক্ৰী কৰে। কেতিয়াবা অভিলেখ সংখ্যক বিক্ৰী কৰা হয়। কিন্তু এইবাৰৰ ছবিখন আন বছৰৰ তুলনাত পৃথক। ভেলেণ্টাইন ডে’ত অনলাইনত কণ্ডমৰ বিক্ৰী যথেষ্ট বৃদ্ধি পায়।