সন্ধিয়া ৫ বজালৈ ৮১% ভোটগ্ৰহণ ত্ৰিপুৰাত

বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ত্ৰিপুৰাত ৬০খন বিধানসভাৰ আসনত ভোটদানৰ অন্ত পৰিল।

সন্ধিয়া ৫ বজালৈ ৮১% ভোটগ্ৰহণ হয়। অহা ২ মাৰ্চত উলাব নিৰ্বাচনী ফলাফল। ইয়াৰ পূৰ্বে ২০১৮ চনত ত্ৰিপুৰাত ৯০% ভোটগ্ৰহণ হৈছিল আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিছিল।

এইবাৰ ৰাজ্যত মুঠ ৩৩৩৭টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হয়।

একক পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৰাজ্যৰ ২৮.১৩ লাখ লোকে ২৫৯ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে। এই নিৰ্বাচন ২০২৩ চনৰ প্ৰথমটো নিৰ্বাচন।

আনহাতে, বিজেপি-কংগ্ৰেছৰ বাবে টুইটাৰত ভোটদানৰ আবেদন কৰা বাবে নিৰ্বাচন আয়োগে আচৰণ বিধি উলংঘা কৰাৰ বাবে দুয়োটা দললৈ জাননী প্ৰেৰণ কৰিছে। এই বিষয়ত বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়ালৈও জাননী প্ৰেৰণ কৰা হৈছে।

AssambollywoodDaily time axomGuwahatiIndiaInternationalNew DelhipoliticsWorld
Comments (0)
Add Comment