তেজপাত শুকান হ’লেও এই পাতৰ কিমান গুণ আছে জানিলে আপুনি আচৰিত হ’ব। এই পাত আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। তেজপাতত এন্টিঅক্সিডেন্ট, ভিটামিন এ, ভিটামিন চি, আইৰণ, পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়াম থাকে। এই উপাদানসমূহ স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেইটো আপুনি বুজিব পাৰে।
তেজপাতৰ চাহৰ কি কি উপকাৰ আছে জানো আহক:
প্ৰথমতে, ই ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰাত সহায় কৰে, যিটো টাইপ-২ ডায়েবেটিছত আক্ৰান্তসকলৰ বাবে অতি ফলপ্ৰসূ।
ইয়াৰ ওজন হ্ৰাসৰ ক্ষেত্ৰতো প্ৰভাৱ পৰে।
হজম শক্তি উন্নত কৰে।
কোষ্ঠকাঠিন্য প্ৰতিৰোধত ফলপ্ৰসূ।
চাহখিনিত এন্টিঅক্সিডেন্ট আৰু আইৰণ থকাৰ বাবে হৃদৰোগৰ সম্ভাৱনা কমায়।
তেজপাতত ভিটামিন চি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
তেজপাতৰ এন্টিবেক্টেৰিয়েল গুণে সংক্ৰমণক বাধা দি ৰাখে।
চাপ কমোৱাত তেজপাত ফলপ্ৰসূ।
কেন্সাৰ ৰোগৰ চিকিত্সাত ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ই প্ৰদাহজনিত সমস্যা দূৰ কৰাত ফলপ্ৰসূ।