Daily Time Axom

‘ভজন বন্ধ কৰক, নহ’লে ভাল নহ’ব’, মেলবৰ্ণৰ মন্দিৰৰ পুৰোহিতক ভাবুকি

0 39

মন্দিৰত পূজা কৰা বন্ধ কৰক, নহ’লে ফল ভাল নহ’ব – এইটোৱেই হৈছে অষ্ট্ৰেলিয়াৰ কালি মন্দিৰৰ ভক্তসকলে সন্মুখীন হোৱা ভাবুকি।

বহু দিন ধৰি কেইবাটাও মন্দিৰত আক্ৰমণ চলাইছে খালিস্তানীয়ে।

বৃহস্পতিবাৰে পুৱা মন্দিৰৰ ভক্তসকলক প্ৰত্যক্ষ ভাবুকি প্ৰদান কৰে এজন অচিনাক্ত ব্যক্তিয়ে। প্ৰথম অৱস্থাত খালিস্তানী সংগঠনে মন্দিৰৰ প্ৰতি ভাবুকি দিছে বুলি ধাৰণা কৰা হৈছিল।

মেলবৰ্ণৰ কালি মাতা মন্দিৰৰ মূৰব্বী পুৰোহিত ভৱনাই কয় যে তেওঁলৈ এটা ফোন আহিছিল। এজন অচিনাক্ত ব্যক্তিয়ে তেওঁক ভাবুকি দি মন্দিৰত পূজা কৰা বন্ধ কৰিবলৈ কয়। অন্যথা ফলাফল ভাল নহব বুলি ভাবুকি দিয়ে।

প্ৰসংগক্ৰমে মেলবৰ্ণৰ ইস্কন মন্দিৰৰ দেৱালত খালিস্তানী শ্লোগান লিখা হৈছিল। মন্দিৰত আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদী সমদলত আক্ৰমণ খালিস্তানীয়ে। অষ্ট্ৰেলিয়াত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হিন্দু ঘৃণাৰ ঘটনা। মুঠতে চিন্তিত স্থানীয় প্ৰশাসন।

Leave A Reply

Your email address will not be published.