Daily Time Axom

হাটশিঙিমাৰীত টিউটৰ শিক্ষক সন্থাৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট

0 23

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি পুৱা ১১ বজাৰ পৰা ১ বজালৈ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় প্ৰাংগণত জিলা প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ উদ্যোগত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।

এই সন্দৰ্ভত সন্থাৰ মূৰব্বী আতোয়াৰ ৰহমানে সিহঁতৰ দাবী সমূহৰ বিষয়ে কয় যে টিউটৰ শিক্ষক সকলক সম মৰ্য্যাদা প্ৰদান, ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দৰমহা মোকলাই দিয়া, ১০ লাখ টকাৰ গ্ৰেচ্যুইটি প্ৰদান, মৃত্যু হোৱা টিউটৰ শিক্ষক সকলৰ পৰিয়ালক সাহায্য প্ৰদান, বিনাচৰ্তে টিউটৰ পৰা শিক্ষকলৈ উন্নতিকৰণ আদিৰ দাবীত উক্ত কাৰ্যসূচী গ্ৰহণ কৰে আৰু জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। জিলা সন্থাৰ মুৰব্বী আতোৱাৰ ৰহমানে সাংবাদিকৰ আগত মন্তব্য কৰে যে, ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত চৰকাৰে বিদ্যালয় সমূহ প্ৰাদেশিকৰণ কৰে৷ যদিও এই প্ৰাদেশিকৰণৰ নামত তদানীন্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই প্ৰাদেশিকৰণৰ নামত ভেকোভাওনা কৰা পৰিলক্ষিত হৈছে৷ কিয়নো শিক্ষক সকলোক নিযুক্তি দিলে কিন্তু বিদ্যালয় সমূহ আজিলৈকে প্ৰাদেশিকৰণ নকৰিলে৷ পদসমূহ প্ৰাদেশিকৰণ কৰিলে যদিও টিউটৰ হিচাপে৷ লগতে তেওঁ সদৰি কৰা মতে, আমাক একেবাৰে নুন্যতম পাৰিশ্ৰমিক হিচাপে মাথোঁ দহ হেজাৰ টকা দিলে৷ সেই সময়ৰ পৰা আজিলৈকে সেই দহ হেজাৰ টকাৰে বহুতো কষ্ট কৰি সংসাৰ খন চলাই আছোঁ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল অলপ দিনৰ ভিতৰত টিউটৰৰ পৰা শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব৷ কিন্তু আজিলৈকে আমাক শিক্ষকৰ মৰ্যাদা নিদিলে৷ আজি আমাৰ জীৱনৰ ৩০/৩৫ বছৰ পিছত অন্তিম কালত তেখেতক এই দুই ঘণ্টীয়া ধৰ্মঘটৰ জৰিয়তে অনুৰোধ জনাইছোঁ আমাক শিক্ষকৰ মৰ্যাদা দিয়ক, টিউটৰ শব্দটো উঠাই দিয়ক, ছাত্ৰছাত্ৰীৰ ড্ৰেছৰ ব্যৱস্থা কৰক, বিদ্যালয় সমূহৰ আন্তঃগাঁথনিৰ ব্যৱস্থা কৰক৷ লগতে জিলা সন্থাৰ মূৰব্বী আতোৱাৰ ৰহমানে জনায় যে, অসম চৰকাৰে সপ্তম অষ্টম শ্ৰেণী উত্তীৰ্ণ হোমগাৰ্ড সকলোক ২৩ হেজাৰ টকা দৰমহা দি আছে৷ কিন্তু আমি বিএ, এমএ পাছ কৰাৰ পিছতো আমাক ১০ হেজাৰ টকা দৰমহা দি আছে৷ আমি দিন হাজিৰা হিচাপে মাথোঁ ৩৬৬ টকা পাই আছো কিন্তু এজন শ্ৰমিকে মজুৰি কৰি দিনত ৬/৭ শ পাই আছে৷ চৰকাৰে আমাৰ শিক্ষাৰ মৰ্যাদা দিয়া নাই তথাপি আমি আমাৰ কৰ্ম নিষ্ঠাৰে পালন কৰি আছোঁ৷ সেয়ে আমাক পূৰ্ণ শিক্ষকৰ মৰ্যাদা দিব লাগে৷ আমাৰ উক্ত দাবীসমূহ মানি নল’লে আগন্তুক দিনত টিউটৰ শিক্ষক সকলে অনশনত বহিব আৰু প্ৰয়োজন হ’লে দিল্লীৰ যন্তৰ মন্তত গৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সন্থাই হুংকাৰ দিয়ে।

Leave A Reply

Your email address will not be published.