Daily Time Axom

যোগী আদিত্যনাথৰ ঘৰত বোমাতংক ! ঘটনাস্থলীত বোমা স্কোয়াড, বৃদ্ধি নিৰাপত্তা

0 26

লক্ষ্ণৌৰ যোগী আদিত্যনাথৰ বাসগৃহত বোমাতংক। শুকুৰবাৰে এটা ফোন কল কৰা হয় যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ঘৰত এটা বোমা ৰখা হৈছে। এই ফোন কলৰ পিছতে যোগীৰ ঘৰখন নিৰাপত্তাৰক্ষীৰে মেৰিয়াই দিয়া হৈছে। তথ্য লাভ কৰাৰ পিছতে সেই স্থানলৈ যায় আৰক্ষীৰ দলটো। অৱশ্যে দীৰ্ঘসময় ধৰি তালাচী চলোৱাৰ পিছতো আৰক্ষীৰ সূত্ৰ অনুসৰি একো পোৱা নগ’ল। ভুৱা বোমাৰ ভাবুকি বিয়পি পৰা বুলি দাবী কৰে আৰক্ষীয়ে।

বিগত সময়তো কেইবাবাৰো উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক ফোনযোগে ভাবুকি দিয়াৰ খবৰ পোহৰলৈ আহিছিল। যোৱা বছৰৰ আগষ্ট মাহত যোগীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত এজন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছিল। সেই মাহতে উত্তৰ প্ৰদেশ আৰক্ষীৰ হেল্পলাইন নম্বৰত হোৱাটছএপ মেছেজত যোগীক মৃত্যুৰ ভাবুকি দিয়াৰ আন এক অভিযোগ উত্থাপন হৈছিল। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ইয়াৰ পূৰ্বে ২০২১ চনত চি আৰ পি এফৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা ইমেইলযোগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু যোগীক ভাবুকি দিয়া হৈছিল। আত্মঘাতী বিস্ফোৰণ চলাই হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ। সেই ঘটনাবোৰৰ পিছত শুকুৰবাৰে যোগীৰ ঘৰলৈ আন এক প্ৰৱঞ্চনামূলক ফোন কল কৰি বোমা বিস্ফোৰণৰ ভাবুকি বিয়পাই দিয়া হয়।

Leave A Reply

Your email address will not be published.