অৱশেষত অসম পালেহি দীৰ্ঘতম ৰিভাৰ ক্ৰুজ গংগা বিলাস

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰীঃ অৱশেষত অসমত প্ৰৱেশ কৰিলে বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখী প্ৰমোদতৰী এম ভি গংগা-বিলাস। ধুবুৰী ভ্ৰমণ সামৰি গুৱাহাটীলৈ যাত্ৰা পথত গোৱালপাৰাৰ সূৰ্য পাহাৰ আৰু সৰ্থেবাৰীলৈয়ো যাব বিদেশী পৰ্যটকসকল।

ধুবুৰীত এনিশা কটাবলগীয়া জাহাজখনৰ ৩৩গৰাকী চুইডিছ পৰ্যটকক আদৰিবলৈ ব্যাপক তৎপৰতা আৰম্ভ হৈছে জিলা প্ৰশাসনৰ।

উল্লেখ্য যে, বিগত ১৩ জানুৱাৰীৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ ৰূপে আখ্যায়িত এম ভি গংগা-বিলাসৰ।

দেশৰ পৰ্যটন ক্ষেত্ৰখনত নতুন দিগন্ত ৰচনা কৰি বাৰাণসীৰ পৰা যাত্ৰা কৰা সেই বিলাসী জাহাজখনেৰে ভাৰত আৰু বাংলাদেশৰ সৰ্বমুঠ ২৭ খনকৈ নদী প্ৰণালীৰে ৩,২০০ কিলোমিটাৰৰ দৈৰ্ঘ্যৰ নদী পথ অতিক্ৰম কৰি উপস্থিত হ’ব ডিব্ৰুগড়ত।

AssamAssamese NewsBangladeshCruiseDaily time axomDhuburiIndiaMV Ganga Vilas