নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰীঃ সাতগাঁও থানাত অঘটন।হেণ্ডকাফ লৈয়ে পলায়ন কৰে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম। বৃহস্পতিবাৰে নিশা সাতগাঁও থানাই আলমক লগত লৈ অভিযান চলাইছিল।
পঞ্জাবাৰীৰ বতাহঘূলি অঞ্চলত অভিযান চলাই থকাৰ সময়তেই আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে শ্বাহ আলমে। ঘটনাটো আৰক্ষীয়ে গাপ দিয়াৰ চেষ্টা চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ কোনো সম্ভেদ লাভ কৰা নাই। এই কাণ্ডই আৰক্ষীৰ দায়িত্বহীনতাৰ পৰিচয় দিয়ে।
Comments are closed, but trackbacks and pingbacks are open.