নতুন ৰূপত আহি আছে নোৰা ফাতেহী

বলীউডৰ জনপ্ৰিয় নৃত্যশিল্পী নোৰা ফাতেহী। নৃত্যৰে দৰ্শকৰ হৃদয় চুই যোৱা এইগৰাকী অভিনেত্ৰী এতিয়া হ’ব এখুন চিনেমাৰ মূল নায়িকা।

জনা গৈছে যে নোৰাই ‘মডগাঁও এক্সপ্ৰেছ’ নামৰ এখন ছবিত কাম কৰিবলৈ ওলাইছে। এই কমেডী ছবিখন প্ৰযোজনা কৰিব বলীউডৰ নায়ক তথা চলচ্চিত্ৰ নিৰ্মাতা ফাৰহান আখতাৰৰ এক্সেল এণ্টাৰটেইনমেণ্টে। ‘মডগাঁও এক্সপ্ৰেছ’ প্ৰযোজনা কৰিব অভিনেতা কুনাল খেমুৱেয়ো। যদি সকলো ঠিকে থাকে তেন্তে এই ছবিখনেৰে পৰিচালক হিচাপে অভিষেক ঘটিব কুনালে।

এই সন্দৰ্ভত নোৰাই কয়, কেৱল নৃত্যৰ জৰিয়তে নহয়, অভিনয়ৰ জৰিয়তেও মই দৰ্শকৰ হৃদয়ত স্থান ল’ব বিচাৰো। মই সকলোকে দেখুৱাব বিচাৰো যে মই অভিনয় কৰিব পাৰো। লগতে তেওঁ কয় যে তেওঁ নিজৰ হিন্দী ভাষাক অভিনয়ৰ বাবে ভালকৈ আয়ত্ত কৰি আছে।

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, এইবাৰ মই মূল নায়িকা হিচাপে ডাঙৰ পৰ্দাত কাম কৰিবলৈ ওলাইছো। ইয়াৰ বাহিৰেও এইবাৰ আৰু দুখন তিনিখন ছবিৰ কথা ঘোষণা কৰিম। সেইবোৰতো মই ছবিখনৰ মূল ভূমিকা পালন কৰিম।

AssambollywoodDaily time axomGuwahatiIndiaNew DelhiWorld
Comments (0)
Add Comment