Daily Time Axom

বলীউডত অব্যাহত আছে যৌন নিৰ্যাতনঃ নৰ্গিছ ফাখৰী

0 64

বলীউডৰ অভিনেত্ৰী নৰ্গিছ ফাখৰী। নৰ্গিছে প্ৰথমে আমেৰিকাৰ নেক্সট টপ মডেল হৈ সংবাদ মাধ্যমত কাম কৰিছিল। ইয়াৰ পিছত ২০১১ চনত বলীউডৰ ব্লকবাষ্টাৰ ছবি ৰকষ্টাৰত অভিনয় কৰি অভিনেত্ৰী হিচাপে ভাৰতত অভিষেক ঘটায়। ইয়াৰ পিছত তেওঁ ‘মে তেৰা হিৰো’, ‘মাদ্ৰাছ কেফে’ আদি চিনেমাত অভিনয়ৰ যাদু দেখুৱায়। ভাৰতত তেওঁৰ ভক্তৰ সংখ্যাও কম নহয়। অৱশ্যে কেইবাবছৰ ধৰি ছবিৰ পৰা আঁতৰি আছে অভিনেত্ৰীগৰাকী। অভিনয়ৰ পৰা কিয় আঁতৰি গ’ল এই প্ৰশ্নৰ উত্তৰ এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে ইয়াৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে বলীউডৰ কাষ্টিং কাউচৰ বিষয়ে মুকলিকৈ কৈছিল।

শেহতীয়াকৈ নাৰ্গিছে ভাৰতীয় সংবাদ মাধ্যম জুম নিউজৰ সৈতে হোৱা বাৰ্তালাপত বলীউডৰ অন্ধকাৰ জগতখনৰ বিষয়ে মুকলিকৈ কয়। তেওঁ কয়, বলীউডত অব্যাহত আছে যৌন নিৰ্যাতন। কিন্তু তেওঁ সদায় নিজকে পৃথক কৰি ৰাখিছিল।

যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ সন্দৰ্ভত নাৰ্গিছ ফাখৰীয়ে জুমক কয়, ‘মই আন মানুহক বিচাৰ নকৰো। জীয়াই থাকিবলৈ যি কৰিব লাগে প্ৰত্যেকেই কৰে। কিন্তু মই তেনেকুৱা মানুহ নহয়। মোৰ ইমান ভোক নাই যে নিজৰ নীতিৰ বাহিৰৰ যিকোনো কাম কৰিব লাগিব। মোৰ নিজৰ মানসিক স্বাস্থ্যৰ বাবে ই গুৰুত্বপূৰ্ণ।’

Leave A Reply

Your email address will not be published.