২৯৬ ঘণ্টা ধৰি ধ্বংসাৱশেষত জীৱন বিচাৰি ফুৰাৰ পিছত আৰু ৩ জনক উদ্ধাৰ

তুৰস্কত সংঘটিত হোৱা ভূমিকম্পৰ ২৯৬ ঘণ্টাৰ পিছত এটা শিশুসহ তিনিজন লোকক ভাঙি পৰা অট্টালিকাৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হয়। তুৰস্কৰ দক্ষিণ হাটাই প্ৰদেশত শনিবাৰে ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হয়। দক্ষিণ তুৰস্ক আৰু ছিৰিয়াত সংঘটিত হোৱা দুটা ভয়াবহ ভূমিকম্পৰ ১২ দিনৰ পাছত উদ্ধাৰ কৰা হয়।

তুৰ্কীৰ সংবাদ মাধ্যম আনাডোলু এজেন্সীয়ে তেওঁলোকৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে যে, ৬ ফেব্ৰুৱাৰীত দুটা ভয়ংকৰ ভূমিকম্পৰ পিছত আন এক অলৌকিক উদ্ধাৰ সম্ভৱপৰ হৈছে। আন্তক্য জিলাৰ এটা ভাঙি পৰা অট্টালিকাৰ ধ্বংসাৱশেষৰ পৰা এটা শিশুসহ তিনিজন লোকক উদ্ধাৰ কৰিছে অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে। তাৰ ভিতৰত এটা শিশুও আছে।

তুৰস্ক-চিৰিয়া ভূমিকম্পত মৃত্যুৰ সংখ্যা ৪৫ হাজাৰ অতিক্ৰম কৰিছে। তুৰস্কত মুঠ মৃত্যুৰ সংখ্যা ৩৯,৬৭২ জন হৈছেগৈ। ছিৰিয়া চৰকাৰ আৰু ৰাষ্ট্ৰসংঘই জনোৱা মতে, তাত ৫৮০০ৰো অধিক লোকৰ মৃত্যু হৈছে। এতিয়াও দুয়োখন দেশতে উদ্ধাৰৰ কাম চলি আছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

ইয়াৰ পূৰ্বে তুৰস্কত উদ্ধাৰকাৰী দলে ২৭৮ ঘন্টাৰ অন্তত ধ্বংসাৱশেষৰ তলৰ পৰা ৪৫ বছৰীয়া এজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিছে।

AssambollywoodDaily time axomGuwahatiIndiaInternationalNew Delhipolitics
Comments (0)
Add Comment