গোসাইগাঁৱত এচিড আক্ৰমণৰ ঘটনা, অধিবক্তালৈ এচিড নিক্ষেপ কৰে দুৰ্বৃত্তৰ

নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰীঃ গোঁসাইগাঁৱৰ জ্যেষ্ঠ অধিবক্তাক দুৰ্বৃত্তৰ আক্ৰমণ। নিজ গৃহত সোমাই হত্যাৰ প্ৰচেষ্টা দুৰ্বৃত্তৰ দলৰ। ভুক্তভোগী গোঁসাইগাঁও উকীল সন্থাৰ জ্যেষ্ঠ অধিবক্তা তথা গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত পদ্মবিলৰ নিবাসী আব্দুছ ছামাদ আহমেদ। পৰিয়ালৰ লোকে ততাতৈয়াকৈ অধিবক্তাগৰাকীক গোঁসাইগাঁও আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰে যদিও শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত GMCH লৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে, গোঁসাইগাঁও ন্যায়িক দণ্ডাধীশ আদালতত অধিবক্তাগৰাকীয়ে নিয়মীয়াকৈ নিজৰ কাম শেষ কৰি বজাৰৰ পৰা সন্ধিয়া নিজ গৃহত প্ৰৱেশ কৰা মাত্ৰই দুজন অচিনাকী দুৰ্বৃত্তই অধিবক্তা ছামাদৰ মুখমণ্ডলত এচিড নিক্ষেপ কৰি পলায়ন কৰে। ঘটনা সন্দৰ্ভত প্ৰশাসনিক সঠিক তদন্তৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰে গোঁসাইগাঁও উকীল সন্থাই। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক চেপা উত্তেজনামূলক পৰিবেশৰ সৃষ্টি হৈছে। প্ৰশাসনে ইতিমধ্যে সক্ৰিয়ভাবে তদন্ত অব্যাহত ৰাখিছে।

Acid AttackAssamAssamese NewsDaily time axomGMCHIndiaInjured