Daily Time Axom

পৰেশ, অক্ষয় আৰু সুনীলে একেলগে আকৌ একেৰাহে তিনিখন ছবিত অভিনয় কৰিব

0 30

বলীউডৰ ব্ৰেকিং নিউজ। বলীউডৰ জনপ্ৰিয় কমেডী ত্ৰয় পৰেশ ৰাৱাল, অক্ষয় কুমাৰ আৰু সুনীল শেট্টীক একেৰাহে এখন নহয়, দুখন নহয়, তিনিখন ছবিত একেলগে দেখা যাব। কেৱল ‘হেৰাফেৰী ৩’তেই নহয়, ‘ৱেলকাম ৩’ আৰু ‘আৱাৰা পাগল দীৱানা ২’ত অভিনয় কৰিব। ইতিমধ্যে নিৰ্মাতাসকলে এই তিনিওকে ছবিখনত অভিনয় কৰিবলৈ পতিয়ন নিয়াইছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, ছবিখনৰ প্ৰযোজক ফিৰোজ নাদিয়াদৱালাই অক্ষয়ক বহু কষ্টেৰে ছবিখন কৰিবলৈ পতিয়ন নিয়াইছে। শুনা যায় যে অক্ষয়েও এই ছবিখনত অভিনয়ৰ বাবে কিছু মাননি হ্ৰাস কৰিছে।

চৰ্চা চলিছে যে অক্ষয় কুমাৰে ‘হেৰাফেৰী ৩’ ছবিখনৰ বাবে ৯০ কোটি টকা বিচাৰিছিল। প্ৰযোজকে সন্মতি নিদিয়াত অক্ষয়ে ছবিখন এৰি থৈ যায়। আনহাতে, শুনা যায় যে কাৰ্তিকে এই ছবিখনত মাননি হিচাপে লৈছে ৩০ কোটি টকা।

Leave A Reply

Your email address will not be published.