Daily Time Axom

আৰক্ষীৰ এনকাউন্টাৰত নিহত ৰঞ্জিত বৰা হত্যাকাৰী শ্বাহ আলম

41

নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰীঃ ৰঞ্জিত‌ বৰা হত্যাকাণ্ডৰ‌ মাষ্টাৰ‌ মাইণ্ড শ্বাহ আলমক এনকাউন্টাৰ । মহানগৰীৰ সোনাপুৰত এনকাউন্টাৰ শ্বাহ আলমক । বৃহস্পতিবাৰে আৰক্ষীৰ বেহু ফালি পলায়ন কৰিছিল শ্বাহ আলম তালুকদাৰে। বুকুত দুটাকৈ গুলী লাগিছে শ্বাহ আলমৰ। পুৱা GMCH ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে। বৰ্তমান GMCHৰ মৰ্গত আছে শ্বাহ আলমৰ মৃতদেহ।

উল্লেখ্য যে, মহানগৰীৰ পাঞ্জাবাৰীৰ পূৰৱী ডায়েৰীৰ সন্মুখত ব্যৱসায়ী ৰঞ্জিত বৰাৰ নৃশংসভাৱে হত্যা কৰাৰ আঁৰৰ মূল নায়ক শ্বাহ আলম তালুকদাৰ আছিল। শ্বাহ আলমৰ লগতে আন চাৰিজন লোক এই হত্যাকাণ্ডৰ লগত জড়িত আছিল। বিগত ৬ ফেব্ৰুৱাৰীত শ্বাহ আলমক আৰক্ষীয়ে প্ৰেপ্তাৰ কৰে আৰু আদলতে ৭ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰে।

Comments are closed, but trackbacks and pingbacks are open.