শিৱসাগৰৰ শিৱদৌলত আৰম্ভ শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা

নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰীঃ শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ শিৱদৌলত আজি পুৱতি নিশাৰে পৰা আৰম্ভ হৈছে শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি ৷ লগতে শুকুৰবাৰৰ সন্ধিয়াৰে পৰা আৰম্ভ হৈছে শিৱৰাত্ৰি মেলা ৷ মহাশিৱৰাত্ৰি আৰু মেলাক কেন্দ্ৰ কৰি সমগ্ৰ শিৱসাগৰ চহৰতেই সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশ ৷

শুকুৰবাৰৰ দিনৰ ভাগৰে পৰা শিৱসাগৰ চহৰত ৰাজ্যখনৰ উপৰিও দেশৰ কেইবাখনো ৰাজ্যৰ পৰা অহা শ শ ব্যৱসায়ীয়ে মেলা পাতিছে ৷ এই মেলা আৰু শিৱৰাত্ৰিৰ বাবে পুৱাৰে পৰা চহৰৰ ভালেকেইটা বাটপথত যান বাহনৰ প্ৰবেশ নিষেধ কৰা হৈছে ৷

আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত নিৰ্মিত শিৱসাগৰৰ শিৱদৌল প্ৰাংগণত আহোম ৰাজত্বকালৰে পৰা শিৱপূজা অনুষ্ঠিত কৰি অহা হৈছে ৷ শিৱসাগৰৰ শিৱৰাত্ৰি অনুষ্ঠানত ভাগ লোৱাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ লগতে শ শ সাধু সন্যাসী আহে ৷ শুকুৰবাৰে সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত এক অনুষ্ঠানত মহাশিৱৰাত্ৰি আৰু মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপৰিবহণ আৰু আয়ুষ মন্ত্ৰ্যালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

AssamAssamese NewsDaily time axomIndiaMaha ShivratriSivasagar