দক্ষিণ চীন সাগৰ আমেৰিকা আৰু চীনৰ যুদ্ধক্ষেত্ৰত পৰিণত হৈছে।
শেহতীয়াকৈ দক্ষিণ চীন সাগৰত টহল দিয়াৰ সময়ত দুয়োখন দেশৰ বিমানবাহী জাহাজ মুখামুখি হয়। এই সময়ত দুয়োখন যুদ্ধ জাহাজৰ মাজত তীব্ৰ মৌখিক যুদ্ধ হয়। চীনে দাবী কৰিছে যে আমেৰিকাৰ বিমানবাহী জাহাজখনে সতৰ্কবাণী দিয়াৰ পিছতে সেই অঞ্চল এৰি থৈ যায় যদিও আমেৰিকাৰ নৌসেনাই এতিয়ালৈকে কোনো বিবৃতি প্ৰকাশ কৰা নাই। ইয়াৰ পূৰ্বেও চীন আৰু আমেৰিকাৰ নৌসেনা মুখামুখি হৈছে যদিও এইবাৰ দুয়োখন দেশৰ বিমানবাহী জাহাজ মুখামুখি হৈছে। আমেৰিকাৰ ১১খন বিমানবাহী জাহাজ কাৰ্যক্ষম হৈ থকাৰ বিপৰীতে চীনৰ এনে দুখন জাহাজহে আছে। বৰ্তমান চীনৰ তৃতীয়খন বিমানবাহী জাহাজ ফুজিয়ানৰ সাগৰীয় পৰীক্ষা চলি আছে।