দেওবাৰে বিয়লি অৰুণাচল প্ৰদেশ কঁপালে ভূমিকম্পই

দেওবাৰে দুপৰীয়াৰ ভাগত হঠাতে অৰুণাচল প্ৰদেশৰ পশ্চিম অংশত ভূমিকম্পই জোকাৰি যায়।

ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ কম্পনৰ মাত্ৰা আছিল ৩.৮। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি দুপৰীয়া ১২.১২ বজাত ভূমিকম্প অনুভৱ কৰা হয়।

খবৰ অনুসৰি ভূটান সীমান্তৰ সমীপৰ পশ্চিম কামেং অঞ্চলত ১০ কিলোমিটাৰ গভীৰত ভূমিকম্পৰ কেন্দ্ৰবিন্দু বুলি জানিব পৰা গৈছে। অৰুণাচল প্ৰদেশৰ বাহিৰেও উত্তৰ-মধ্য অসম আৰু পূব ভূটানত কম্পন অনুভূত হয়। অৱশ্যে এই ভূমিকম্পত কোনো লোক হতাহতিৰ খবৰ পোৱা নগ’ল। কিন্তু ভূমিকম্পৰ ফলত আতংকিত হৈ পৰিছে বাসিন্দাসকল।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhipolitics
Comments (0)
Add Comment