ৰে’ল ষ্টেচনত যুৱতীক চুমা খাই এবছৰৰ বাবে জেললৈ গ’ল যুৱক

ৰেল ষ্টেচনত এগৰাকী যুৱতীক বলপূৰ্বক চুমা খোৱা বাবে মুম্বাই আদালতে অভিযুক্তক এবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। লগতে ব্যক্তিজনক জৰিমনাও বিহা হৈছে। গোচৰৰ শুনানিৰ পিছত আদালতে কয় যে এই ঘটনাই ব্যক্তিজনৰ বেয়া উদ্দেশ্য থকা বুলি প্ৰমাণিত হৈছে। গতিকে অভিযুক্তক শাস্তি নিদিয়াকৈ এৰি দিব নোৱাৰিব।

যোৱা বছৰ সংঘটিত হৈছিল এই ঘটনা। ভুলতে খাৰ ষ্টেচনত নামিছিল ১৯ বছৰীয়া কিশোৰীগৰাকী। উভতি অহা ৰেলখন ধৰিবলৈ প্লেটফৰ্মত থিয় হ’ল। তেওঁ ফোনত কথা পাতি থাকোঁতে হঠাৎ ৩৫ বছৰীয়া এজন ব্যক্তিৰ আবিৰ্ভাৱ ঘটিল। জোৰকৈ ছোৱালীজনীৰ ওঁঠত চুমা খাবলৈ চেষ্টা কৰিলে। লগে লগে যুৱতীগৰাকীয়ে চিঞৰি উঠিল। ঘটনাস্থলীৰ পৰাই আলোক কানোজিয়া নামৰ ব্যক্তিজনক আটক কৰে।

প্ৰায় ডেৰ-দুমাহ ধৰি চলি আছিল এই গোচৰ। এই ঘটনাৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে ন্যায়াধীশে। অৱশেষত মুম্বাইৰ আদালতে আলোকক এবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ন্যায়াধীশে ক’লে, “সমগ্ৰ ঘটনাটো চালে স্পষ্ট হৈ পৰে যে আলোকৰ বেয়া উদ্দেশ্য আছিল। সি তাইক নিৰ্যাতন চলাবলৈ চেষ্টা কৰিলে। গতিকে এই ঘটনাটোক জঘন্য অপৰাধ হিচাপে ধৰিব পাৰি। তদুপৰি অভিযুক্তক মুকলি কৰি দিয়াৰ কোনো যুক্তি নাই।”

আলোকক এবছৰৰ কাৰাদণ্ডৰ উপৰিও ৫০০০ টকা জৰিমনা বিহা হয়। ন্যায়াধীশগৰাকীৰ মতে, অভিযুক্তই শাস্তিটো মনত ৰখা উচিত বাবেই এই শাস্তি প্ৰদান কৰা হৈছে। ভৱিষ্যতে এনেবোৰ কাম কৰাৰ আগতে তেওঁ দুবাৰ ভাবিব। ন্যায়াধীশগৰাকীয়ে কয় যে যুৱতীগৰাকীকো ৩ হাজাৰ টকা দিব লাগিব।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment