মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক ছাত্ৰপতি শিৱাজীৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
দেওবাৰে মোদীয়ে কয় যে তেওঁৰ সাহস আৰু সুশাসনৰ ওপৰত গুৰুত্ব দিয়াটোৱে ভাৰতৰ জনসাধাৰণক অনুপ্ৰাণিত কৰিছে। শিৱাজীৰ জন্ম হৈছিল ১৬৩০ চনত।
সাহস, সামৰিক প্ৰতিভা আৰু নেতৃত্বৰ বাবে তেওঁ স্বীকৃতি লাভ কৰিছিল।
মোদীয়ে টুইট কৰি কয়, “ছাত্ৰপতি শিৱাজী মহাৰাজৰ জন্ম বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছো।” তেওঁৰ সাহস আৰু সুশাসনৰ ওপৰত গুৰুত্ব দিয়াটোৱে আমাক অনুপ্ৰাণিত কৰে”।