নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰীঃ দিল্লীৰ নিকি যাদৱৰ হত্যাৰ সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য। নিকি যাদৱৰ মৃতদেহ লুকৱাই ৰখাত নিকিৰ প্ৰেমিক তথা হত্যাকাৰী চাহিল গেহলটক সহায় কৰা এজন আছিল দিল্লী আৰক্ষীৰ কনিষ্টবল ।
নিজৰ বিবাহৰ দিনা প্ৰেমিকাক হত্যা কৰি ৰেষ্টুৰেন্টৰ ফ্ৰীজত মৃতদেহটো লুকুৱাই ৰখা ঘটনা পোহৰলৈ অহাৰ লগে লগেই সৃষ্টি হৈছিল চাঞ্চল্যৰ । এই লোমহৰ্ষক হত্যাকাণ্ডত চাহিলক সহায় কৰা ৫ জন লোকেই আছিল চাহিলৰ সম্পৰ্কীয় । এই সকলৰ ভিতৰতেই আছিল চাহিলৰ সম্পৰ্কীয় ভাতৃ নবীন । নবীনেই আছিল দিল্লী আৰক্ষীৰ কনিষ্টবল ।
Comments are closed, but trackbacks and pingbacks are open.