কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা, প্রথমবাৰলৈ ৩ লাখতকৈ অধিক পৰীক্ষাৰ্থীয়ে দিব পৰীক্ষা
নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰীঃ কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। এইবৰ্ষত সৰ্বমুঠ ৩লাখ ৪২হাজাৰ ৮৬৯ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব HS পৰীক্ষাত। প্রথমবাৰলৈ ৩ লাখতকৈ অধিক পৰীক্ষাৰ্থীয়ে দিব পৰীক্ষা। প্ৰশ্নকাকত পঢ়িবলৈ পৰীক্ষাৰ্থীয়ে পাব ১০মিনিট অতিৰিক্ত সময়।
ইতিমধ্যে প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ শিক্ষা সংসদে প্ৰেৰণ কৰিছে এডমিট কাৰ্ড আৰু পৰীক্ষাৰ উত্তৰ বহী। লগতে প্ৰতিখন জিলাৰ সদৰ থানালৈ প্ৰেৰণ কৰিব প্ৰশ্ন কাকত।
বিগত বৰ্ষৰ দৰে এইবাৰো পৰীক্ষা কেন্দ্ৰত নিষিদ্ধ হ’ব মোবাইল, ইলেক্ট্ৰনিক ঘড়ী, কেলকুলেটকে ধৰি ইলেক্ট্ৰনিক সামগ্ৰীসমূহ।
Comments are closed, but trackbacks and pingbacks are open.