Daily Time Axom

শিৱৰাত্রীৰ নিশা মহানগৰীৰ ওদালবাক্রাত চাঞ্চল্যকৰ হত্যাকাণ্ড

42

নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰীঃ শিৱৰাত্ৰিৰ নিশা মহানগৰীৰ ওদালবাক্ৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড। ই-ৰিক্সা আৰু টেম্প চালকৰ সাধাৰণ মাৰপিটে ল’লে ভয়ংকৰ পৰিণতি। শিলেৰে আক্ৰমণ কৰাত থিতাতে নিহত ই-ৰিক্সা চালক মহম্মদ ৰহিজুদ্দিন।

প্ৰথমে টেম্প’ আৰু ই ৰিক্সাৰ সংঘৰ্ষক লৈ দুই চালকৰ মাজত বাক-বিতণ্ডা হয় ।বাক-বিতণ্ডাই পৰৱৰ্তী পৰ্যায়ত হতাহতিৰ ৰূপ লয় ।টেম্প’ চালক নৱ ৰয়ে ই ৰিক্সা চালক মহম্মদ ৰহিজুদ্দিনক এটা শিলেৰে আক্ৰমণ কৰে। আক্ৰমণৰ ফলত ই ৰিক্সা চালক মহম্মদ ৰহিজুদ্দিন থিতাতে নিহত হয় । ঘটনাৰ সংক্ৰান্তত ফটাশিল আৰক্ষীয়ে নিশাই টেম্প’ চালক নৱ ৰয়ক গ্ৰেপ্তাৰ কৰে।

Comments are closed, but trackbacks and pingbacks are open.