নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ সমাগত নাগালেণ্ড বিধানসভা নিৰ্বাচন। দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱলৈ আহিব অমিত শ্বাহ। আজি নাগালেণ্ডলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।এক বৃহৎ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব শ্বাহে। বিয়লি ৩.২০ বজাত ডিব্ৰুগড়ত অৱতৰণ কৰিব গৃহমন্ত্ৰীৰ বিমান। ডিব্ৰুগড়ৰ পৰা নাগালেণ্ডৰ মন জিলালৈ হেলিকপ্টাৰেৰে যাব শ্বাহে। মনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। মন জিলাৰ সদৰতে নিশা কটাব অমিত শ্বাহে। মঙলবাৰে নাগালেণ্ডৰ টুৱেনছাঙৰ প্ৰচাৰ সভাত ভাগ ল’ব শ্বাহে। ইয়াৰ পিছতে ডিমাপুৰ হৈ শ্বিলঙলৈ যাব গৃহমন্ত্ৰীগৰাকীয়ে। শ্বিলঙতো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।
উল্লেখ্য যে, ৬০ জনীয়া নাগালেণ্ড বিধানসভাত ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে ভোটগণনা ২ মাৰ্চত গ্ৰহণ কৰা হ’ব।