অসম-অৰুণাচল সীমান্তত গুলীচালনাৰ ঘটনা, দুৰ্বৃত্তৰ গুলীত নিহত ৩জনকৈ লোক

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ ঘটনা৷ দুৰ্বৃত্তৰ গুলীত ৩জনকৈ লোক নিহত৷ জাগুনৰ সমীপৰ ফিনভিৰু আৰু ৰিংৰাংখানৰ মাজৰ তামোলবাৰীত গুলীচালনা৷

এই ঘটনাৰ সবিশেষ তথ্য আৰক্ষীৰ তৰফৰ পৰা জনোৱা হোৱা নাই যদিও এক সূত্ৰই এই গুলীচালনাৰ ঘটনাত আলফা(স্বাঃ) জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে।

আলফাৰ শীৰ্ষ নেতা উদয় অসমৰ মৃত্যুত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি সংগঠনটোৱে এই তিনিজন লোকক গুলীয়াই হত্যা কৰা বুলি সূত্ৰটোৱে লগতে সন্দেহ কৰিছে। অৱশ্যে এতিয়ালৈকে আৰক্ষী তথা কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

AssamAssamese NewsDaily time axomDeathfiringIndiaTinsukia