Daily Time Axom

মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ সভালৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত, দুৰ্ঘটনাত থিতাতে নিহত ৫গৰাকী মহিলা

40

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ সভালৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত। ফলত থিতাতে নিহত TMCৰ ৫গৰাকী মহিলা সমৰ্থক। মেঘালয়ৰ খাৰকুটাৰ সমীপৰ বলমেডাঙৰ ওচৰত এই ঘটনা সংঘটিত হয়।

এই ভয়ংকৰ দুৰ্ঘটনাত কেইবাগৰাকীও লোক আহত হয়। তথ্য অনুসৰি নিৰ্বাচনী সভালৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়। এখন টাটা ডি আইত আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় গাড়ীখন। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে দুৰ্ঘটনাস্থলীত বিধানসভাৰ উপ অধ্যক্ষ ড০ নোমল মমিন উপস্থিত হয়।

Comments are closed, but trackbacks and pingbacks are open.