নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ আজিৰ পৰা আৰম্ভ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। এইবৰ্ষত পৰীক্ষাত অৱতীৰ্ণ হ’ব ৩,৪২,৮৬৯ গৰাকী পৰীক্ষাৰ্থী। মুঠ ৮৫৬টা কেন্দ্ৰত অনুষ্ঠিত হ’ব চূড়ান্ত পৰীক্ষা।
পৰীক্ষা কেন্দ্ৰ সমূহত নিৰাপত্তাৰ লগতে কোনো ধৰণ বেমেজালি বা পৰীক্ষা কাকত যাতে ফাদিল নহয় তাৰ বাবে এইবাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তথ্য অনুসৰি এইবাৰ কলা শাখাত ২,৭২,৫২৯ জন, বিজ্ঞান শাখাত ৪৭,৪৮৫ জন, বাণিজ্য শাখাত ২০,৯০৭ জন আৰু বৃত্তিমূলক শাখাত ১,৯৪৮ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। প্ৰশ্নকাকত পঢ়িবলৈ পৰীক্ষাৰ্থীয়ে পাব ১০মিনিট অতিৰিক্ত সময়।
বিগত বৰ্ষৰ দৰে এইবাৰো পৰীক্ষা কেন্দ্ৰত নিষিদ্ধ হ’ব মোবাইল, ইলেক্ট্ৰনিক ঘড়ী, কেলকুলেটকে ধৰি ইলেক্ট্ৰনিক সামগ্ৰীসমূহ।