নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ আৰক্ষীৰ গুলীত কুখ্যাত ডকাইতৰ মৃত্যু। চৰাইদেউৰ সোণাৰিত আৰক্ষীয়ে চলাইছিল গুলী। সোণাৰিৰ চেঁচা সত্ৰত গুলীবিদ্ধ হৈছিল দুৰ্ধৰ্ষ ডকাইত সঞ্জু জয়ছোৱাল। আৰক্ষীৰ সন্মুখৰ পৰা পলায়নৰ চেষ্টা কৰিছিল সঞ্জুৱে। আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি বাইক লৈ পলায়ন কৰিছিল ডকাইতটোৱে। সোণাৰিৰ চেঁচা সত্ৰৰ শহুৰেকৰ বাসগৃহত আশ্ৰয় লৈ আছিল সঞ্জুৱে। সঞ্জু জয়ছোৱালক বিচাৰি চেঁচা সত্ৰত উপস্থিত হৈছিল আৰক্ষী। আৰক্ষীক দেখিয়েই দিচাং নৈ পাৰ হৈ কৰিছিল পলায়ন। সেইসময়তে সঞ্জুলৈ তিনিজাঁইকৈ গুলীচালনা কৰিছিল আৰক্ষীয়ে।
উল্লেখ্য যে, পূৰ্বে কেইবাবাৰো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত বাইক চুৰ, ডকাইত সন্তোষ জয়ছোৱালক। অসমৰ ভিন্ন স্থানত বাইক চুৰ কৰি নাগালেণ্ডত বিক্ৰী কৰা অহা কুখ্যাত বাইক চোৰ সন্তোষ জয়ছোৱালক এইবাৰ আৰক্ষীয়ে পলাবলৈ বিচাৰোঁতে গুলী কৰিবলৈ বাধ্য হয়।