Daily Time Axom

ছানি লিয়নিক সকলোৱে কিয় ভাল পায় জানেনে

0 44

মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে ছানী লিয়নে।

এই মাহৰ উপাৰ্জনৰ ১০ শতাংশ তেওঁ দান কৰিছে!

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে সংঘটিত হোৱা তুৰস্ক-চিৰিয়া ভূমিকম্পত সৰ্বহাৰাৰ কাষত থিয় দিব বিচাৰিছে তেওঁ। আৰু তেওঁক সমৰ্থন কৰিছে তেওঁৰ স্বামী ডেনিয়েল ৱেবাৰে। এই মাহৰ উপাৰ্জনৰ ১০ শতাংশ তেওঁ দান কৰিব।

ছানী আৰু ডেনিয়েলে যৌথভাৱে কয় যে তেওঁলোকে এই মাহত তেওঁলোকৰ ৰূপতান সংস্থাৰ পৰা পোৱা ধনৰ পৰা অনুদান আগবঢ়াব। বলীউডো আচৰিত হৈছে ছানীৰ এই ঘোষণাত। এতিয়ালৈকে কোনো শিল্পীয়ে এই পদক্ষেপ লোৱা নাই। প্ৰসংগক্ৰমে ছিৰিয়াৰ ভূমিকম্পত ৪০ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে। ৩ লাখৰো অধিক ঘৰ ধ্বংস হৈছে।

এক বিবৃতিত ছানীয়ে কয় যে যদি বিশ্ব একত্ৰিত হয় তেন্তে তুৰস্ক আৰু ছিৰিয়াই পূৰ্বৰ পৰিস্থিতিলৈ ঘূৰি আহিব পাৰে। এজন বা দুজন নহয়, সকলোৱে আগবাঢ়ি আহিব লাগিব। তেতিয়াহে ভূমিকম্পত ক্ষতিগ্ৰস্ত অঞ্চলটোৰ পুনৰ নিৰ্মাণ সম্ভৱ হ’ব। ডেনিয়েলে লগতে কয় যে তুৰস্ক আৰু ছিৰিয়াৰ জনসাধাৰণে কি অৱস্থাৰ মাজেৰে পাৰ হৈ আহিছে তাক লৈ অতিশয় চিন্তিত। কান্দি থকা সকলৰ লগত সকলোৱে থিয় দিয়াৰ প্ৰয়োজন। সেইবাবেই আমি এই পদক্ষেপ লৈছো।

Leave A Reply

Your email address will not be published.