চেম্বুৰ থানাত সনু নিগম।
সোমবাৰে নিশা হোৱা এক অশান্তিৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। তেওঁৰ এই অভিযোগ স্থানীয় বিধায়কজনৰ পুত্ৰৰ বিৰুদ্ধে। দাবী কৰা হৈছে যে শিৱসেনাৰ সমৰ্থক এইজন বিধায়কৰ পুত্ৰই চেলফি তুলিবলৈকে ইমানখিনি কৰিছে! আৰু তাৰকাৰ সৈতে বলপূৰ্বকভাৱে ফটো তোলাৰ চেষ্টাৰ বিষয়েও সাধাৰণ জনতাক সজাগ কৰাৰ সময় আহি পৰিছে। এই পৰ্যন্ত আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ কৰা নাই।