নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড়ত নিজ গৃহতে এজন চিকিৎসকক হত্যাৰ অপচেষ্টা। ডাঃ গীতাৰ্থ শইকীয়াক উপৰ্যুপৰি প্ৰহাৰ ২ যুৱকৰ৷ যুৱকদ্বয়ৰ আক্ৰমণত গুৰুতৰভাবে আহত হৈছে ডাঃ গীতাৰ্থ শইকীয়া।
জানিব পৰা মতে, মাজুলীত চিকিৎসক হিচাপে ইণ্টাৰ্ণশ্বিপ কৰি মাজুলীৰ পৰা আহি নিজ গৃহত উপস্থিত হোৱাৰ পিছতে দুজন যুৱক আহি চিকিৎসক জনৰ ঘৰলৈ আহে। তাৰ পিছতে চিকিৎসকজন বাহিৰলৈ উলাই যোৱাৰ পিছতে যুৱক দুজনে গীতাৰ্থ শইকীয়াক উপৰ্যুপৰি প্ৰহাৰ কৰে।
আক্ৰমণত চিকিৎসকজনৰ এখন কান চিগি যায় বুলি জানিব পৰা গৈছে । দেৱৰাজ বৰগোহাঁই আৰু আন এজন যুৱকৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে গীতাৰ্থৰ পৰিয়ালে। বৰ্তমান লৈকে আক্ৰমণকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।
Comments are closed, but trackbacks and pingbacks are open.