শিৱসাগৰত জিলা পৰ্যায়ৰ পৰীক্ষা তদাৰকী সমিতিৰ সভা সম্পন্ন

শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ জিলা পৰ্যায়ৰ পৰীক্ষা তদাৰকী সমিতিৰ সভাখন সম্পন্ন হৈ যায় ।শিৱসাগৰ জিলাৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা বিষয়ববীয়া সকলে এই সভাত পৰীক্ষাৰ পূৰ্ব প্ৰস্তুতি সন্দৰ্ভতো উপায়ুক্তৰ আদিত্য বিক্ৰম য়াদৱৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয়।
অন্যহাতেদি আজিৰ সভাতেই জিলা আৰক্ষী বিভাগৰ পৰাও পৰীক্ষাৰ পূৰ্ব প্ৰস্তুতি সন্দৰ্ভত তেওঁলোকৰ মত আৰু পৰিকল্পনা ব্যক্ত কৰে। সভাত মূলতঃ পৰীক্ষা কেন্দ্ৰৰ চাৰিওকাষে বেৰাৰ ব্যৱস্থা, পৰীক্ষাত যাতে কোনোধৰণৰ নকল বা অন্যান্য অসৎ উপায় অৱলম্বন কৰা নহয়, পৰীক্ষা পৰিচালনাৰ পৰিকল্পনা, পৰীক্ষাত পৰীক্ষাৰ্থীসকল বহাৰ আৰ্হি বা স্থান, পৰীক্ষা কেন্দ্ৰত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা আদি বিষয়সমূহ বিস্তৃতভাৱে আলোচনা কৰা হয়।
ইয়াৰোপৰি উক্ত সভাতেই জিলা উপায়ুক্তই বাল্য-বিবাহ ৰোধ কৰাৰ সন্দৰ্ভত ল’বলগা সাৱধানতা আৰু বাল্য বিবাহ ৰোধ সন্দৰ্ভত সভাত উপস্থিত বিষয়-ববীয়া সকলৰ পৰা পৰামৰ্শ বিচৰাৰ লগতে এই সন্দৰ্ভত বিস্তৃত আলোচনা হয়।অন্যহাতেদি সভাত শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে পৰীক্ষাৰ সময়ত কেন্দ্ৰ সমূহত দায়িত্বপ্ৰাপ্ত বিষয়া সকলে ল’বলগা সাৱধানতাৰ ওপৰত বক্তব্য ৰাখে । কমল জ্যোতি গগৈয়ে জানিবলৈ দিয়া অনুসৰি অহা মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত এক শৈক্ষিক কনক্লেভ অনুষ্ঠিত কৰা হ’ব।আজিৰ সভাত জিলা উপায়ুক্তৰ উপৰিও অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম আৰু সব্যসাচী কাশ্যপ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰিফ আহমেদ, ডিমৌ, শিৱসাগৰ আৰু নাজিৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকলৰ লগতে শিৱসাগৰ জিলাৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষাৰ দায়িত্বত থকা বিষয়ববীয়াসকল উপস্থিত থাকে।

Daily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment