Daily Time Axom

বলীউডত পুনৰ বিয়াৰ খবৰ, এইবাৰ তাপসী পন্নুৰ বিয়া! পাত্ৰ কোন?

0 39

বলীউডত ইটোৰ পিছত সিটোৰ বিয়৪াৰ খবৰ। প্ৰথম আঠিয়া শ্বেট্টী আৰু ক্ৰিকেটাৰ কে এল ৰাহুল। তাৰ পাছত কিয়াৰা আদবানী আৰু সিদ্ধাৰ্থ মালহোত্ৰা। আৰু এতিয়া শুনা গৈছে যে তাপসী পন্নুৰ বিয়া কথা।

দীৰ্ঘদিনীয়া প্ৰেমিক বেডমিণ্টন খেলুৱৈ মাথিয়াছ ব’ৱেৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব তাপসীয়ে। শেহতীয়াকৈ সংবাদ মাধ্যমক সাক্ষাৎকাৰ দি তাপসীয়ে নিজৰ পৰিকল্পনা প্ৰকাশ কৰিছে।

বলীউডৰ বিয়া মানে আড়ম্বৰপূৰ্ণ গন্তব্যস্থানৰ বিয়া। অন্ততঃ শেহতীয়াকৈ তাৰকাৰ বিয়াখন দেখি নেটিজেনসকলে তেনেকৈয়ে ভাবে। কিন্তু তাপসীৰ বিয়াখন অতি সৰু হ’ব। কোনো ধৰণৰ অতিৰিক্ততা নাথাকিব। তাপসীৰ মতে মোৰ সম্পৰ্ক ৯ বছৰ হ’ল। বিবাহ সন্দৰ্ভত তেওঁৰ কাৰো লগত কোনো প্ৰতিযোগিতা নাই। বিয়া হ’লে আড়ম্বৰহীন হ’ব।

Leave A Reply

Your email address will not be published.