টীয়কত এক লোমহৰ্ষক ঘটনা, নৰমুণ্ড লৈ থানাত উপস্থিত এজন লোক

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰীঃ টীয়কৰ যাদুবপুৰ গান্ধী গাঁৱত নিশা এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে। উক্ত অঞ্চলৰ এজন লোকে আন এজন‌ লোকৰ এটা মুণ্ড স্কুল বেগত সুমুৱাই থানালৈ আহি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে হত্যাকাৰীলোকজনক। জানিব পৰা মতে, মুণ্ড লৈ আহি থকা লোকজনৰ নাম লোহিত গগৈ। আৰক্ষীয়ে আটক কৰি ঘটনা সন্দৰ্ভত সোধপোচ অব্যাহত ৰাখিছে।

কি কাৰণে এই ঘটনা সংঘটিত হ’ল এই পৰ্যন্ত জানিব পৰা হোৱা নাই। মৃত লোকজনক এতিয়াও চিনাক্ত কৰিব পৰা নাই। ইপিনে ঘটনাৰ সন্দৰ্ভত অধিক তদন্তৰ বাবে যোৰহাট আৰক্ষীৰ উচ্চপদস্থ বিষয়া নিশাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

AssamAssamese NewsDaily time axomIndiaMurderTeok