নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰীঃ আজি শপত ল’ব অসমৰ নৱনিযুক্ত ৰাজ্যপালে গুলাব চান্দ কাটাৰিয়াই। দিনৰ ১১ বজাত কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। শপত বাক্য পাঠ কৰোৱাব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। উপস্থিত থাকিব মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।
উল্লেখ্য যে, গুলাবচান্দ কাটাৰিয়াই ইয়াৰ পূৰ্বে ৰাজস্থানৰ গৃহ, গ্ৰামীণ বিকাশ আৰু পঞ্চায়ত আদি বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও বিৰোধী দলৰ দলপতিৰ ভূমিকাও পালন কৰিছিল।