গ্ৰেপ্তাৰৰ কিছু ঘণ্টাৰ ভিতৰতে পৱন খেৰাৰ জামিন

গ্ৰেপ্তাৰ হ’লেও কংগ্ৰেছ নেতা পৱন খেৰায়ে ঘণ্টাৰ ভিতৰতে জামিন লাভ কৰে।

বৃহস্পতিবাৰে দিল্লী বিমানবন্দৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তেওঁ দিল্লীৰ পৰা ছত্তীশগড়ত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ ৰাওনা হৈছিল। তাৰ আগতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। জানিব পৰা মতে, প্ৰধানমন্ত্ৰীক লৈ অপমানজনক মন্তব্য কৰাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হয়। কিছুদিন পূৰ্বে ভাষণত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ পিতৃৰ ভুলকৈ কৈছিল। যদিও কংগ্ৰেছ নেতাই ভুল হোৱা বুলি মানি লৈছিল। কিন্তু তাৰ পিছত কংগ্ৰেছ নেতাজনৰ নামত কেইবাটাও গোচৰ ৰুজু হয়। আজি তেওঁক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ কেইঘণ্টামানৰ ভিতৰতে উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে।

উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেতাগৰাকীক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে। আদালতত পৱনৰ হৈ কাতৰ অনুৰোধ জনাই মনু সিংভীয়ে। তেওঁ কয় যে পৱনে ভুলতে তেনেকৈয়ে কৈছিল। শুনানিৰ অন্তত আদালতে তেওঁক জামিন মঞ্জুৰ কৰে।

Daily time axomGuwahatiIndiaInternationalpoliticsWorld
Comments (0)
Add Comment