কৃত্ৰিম বৃন্দাবনত ২৮ খন পতকা উত্তলনৰে কাৰ্যসূচী ৰূপায়ন।
নলবাৰী চহৰৰ সমীপতে থকা পয়লা শ্ৰী শ্ৰী গোপাল মন্দিৰত ২৮ সংখ্যক শোভা মহোৎসৱ উদযাপন কৰা হয়।। ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত শোভাত প্ৰথম দিনা ২৮ তম শোভা অনুযায়ী ২৮ খন পতকা উত্তোলনৰ জৰিয়তে কাৰ্যসূচী ৰূপায়ন কৰা হয়। সমাজৰ ২৮ গৰাকী বিশিষ্ট ব্যক্তিৰ জৰিয়তে পতকা উত্তোলন কৰা হয়। পতকা উত্তোলন কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ দীনমনি ভাগৱতী,শিক্ষক দ্বীজেন্দ্ৰ শৰ্মা,সমাজসেৱক নৰেশ্বৰ কলিতা,পৌৰ সভাৰ কমিচনাৰ জয়ন্ত বুজৰবৰুৱা,সাংবাদিক ধ্ৰুৱজ্যোতি মালাকৰ,সাংবাদিক মৃদুল কলিতা আদি। আদি।উল্লেখ্য যে শোভা মহোৎসৱৰ লগত সংগতি ৰাখি সাজি উলিওৱা কৃত্ৰিম বৃন্দাবনখনে সকলো ৰাইজকে মুগ্ধ কৰা পৰিলক্ষিত হয়।