Daily Time Axom

প্ৰচণ্ড বৰফৰ ধুমুহাৰ বাবে আমেৰিকাত ১৩০০ৰো অধিক বিমান বাতিল

0 32

মিনেছ’টাকে ধৰি আমেৰিকাৰ উত্তৰ প্ৰান্তৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰফৰ ধুমুহা বলিবলৈ আৰম্ভ কৰিছে।

ইয়াৰ বাবে বুধবাৰে নিশাৰ পৰা দেশৰ কেইবাটাও বিমান সংস্থাই ১৩০০ৰো অধিক বিমান বাতিল কৰিছে।

জনা গৈছে যে বুধবাৰে নিশা ৮:৩০ বজাৰ পৰা মুঠ ১৩২৭খন আমেৰিকান বিমান বাতিল কৰা হৈছে। ইয়াৰ ভিতৰত মাত্ৰ দুটা বিমান সংস্থা ক্ৰমে ডেল্টা এয়াৰলাইন্স আৰু চাউথৱেষ্ট এয়াৰলাইন্স কোম্পানীয়ে ১০৩৫খন বিয়ান যাত্ৰা বাতিল কৰিছে। আমেৰিকাৰ ঘৰুৱা বিমান সেৱাৰ উপৰিও দুয়োটা কোম্পানীয়ে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাও বাতিল কৰিছে।

ইয়াৰ উপৰিও ২০৩০খন বিমান পলম হোৱাৰ খবৰ পোৱা গৈছে।

আমেৰিকাৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, উচ্চ মধ্য পশ্চিমকে ধৰি উত্তৰ সমভূমিৰ কিছু অংশত ইতিমধ্যে প্ৰতি ঘণ্টাত ২ ইঞ্চি পৰ্যন্ত বৰফ পৰিছে। এজাক ধুমুহা বতাহও বলিছে। এই অশুভ বতৰৰ ফলত বিমান যাত্ৰাত প্ৰভাৱ পৰিব।

Leave A Reply

Your email address will not be published.