৩ মিনিটত ১৮৪খন চেল্ফীৰে অক্ষয় কুমাৰৰ বিশ্ব অভিলেখ

অক্ষয় কুমাৰে আগন্তুক ছবি ‘চেল্ফী’ৰ শক্তিশালী প্ৰচাৰ আৰম্ভ কৰিছে আৰু তেনে সময়তে তেওঁ বিশ্ব অভিলেখো গঢ়িছে । তেওঁৰ নামটোৱে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছে !

বুধবাৰে মুম্বাইত মাত্ৰ ৩ মিনিটতে অভিলেখ সংখ্যক চেলফি তুলিছিল অক্ষয়ে।

অনুষ্ঠানটোৰ এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত অক্ষয় কুমাৰে ভিডিঅ’টোৰ আৰম্ভণিতে ‘নমস্তে’ৰে অনুৰাগীসকলক সম্ভাষণ জনাইছে!

সেই সময়লৈকে ‘খিলাদি’ৰ সৈতে চেলফি তোলাৰ ভিৰ গোট খাইছিল ! অনুৰাগীৰ প্ৰয়োজন পূৰণ কৰিবলৈ গৈ দ্ৰুত ৰেকৰ্ড অক্ষয়ৰ ! মাত্ৰ ৩ মিনিটতে ১৮৪ খন চেলফি তুলি নামটো গিনিজ বুকত প্ৰকাশ কৰিলে।

অক্ষয়ে ধন্যবাদ জনাই লিখিছে, “আজিলৈকে জীৱনত যি কৰিব বিচাৰো, সকলো পাইছো মোৰ অনুৰাগীৰ নিঃচৰ্ত মৰম আৰু সমৰ্থনৰ বাবে।” মোৰ অনুৰাগীসকলৰ বাবে সম্ভৱ হৈ উঠিল এই ৰেকৰ্ড। এটা বিশ্ব অভিলেখ সৃষ্টি হ’ল। এই অভিজ্ঞতা মই গোটেই জীৱন মনত ৰাখিম। শুকুৰবাৰে চিনেমা হলত দেখা পাম।”

AssambollywoodDaily time axomGuwahatiIndiaNew Delhi
Comments (0)
Add Comment