Daily Time Axom

টীয়কত অসমপ্ৰমী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

0 57


আজি অসমপ্ৰেমী যুৱ ছাত্ৰ পৰিষদৰ টীয়কস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত এখনি সংবাদ মেলৰ আয়োজন কৰে।উল্লেখযোগ্য যে ২০২০ চনৰ ১০ অক্টোবৰ তাৰিখে নিশা প্ৰায় ১১.৩০ বজাত শিৱসাগৰৰ ভটিয়াপাৰ তেল ডিপুৰ সমীপত গাড়ী বাওঁফালৰ পৰা সোঁফাললৈ নিয়াক কেন্দ্ৰ কৰি এখন ট্ৰাকৰ সৈতে এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল অসমপ্ৰেমী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা মনোজ গগৈ আৰু তেওঁৰ সহকৰ্মীৰ সৈতে। যাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে গৌৰিসাগৰ থানাত এক গোচৰ ৰুজু কৰে ট্ৰাকৰ পক্ষই।কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই ঘটনাত IPC 341/294/506/34 ধাৰাহে ৰুজু হৈছিল আৰু গোচৰ নম্বৰ আছিল 113/2021।কিন্তু
গৌৰিসাগৰ থানাত কি গোচৰ ৰুজু হৈছিল, কি কি ধাৰা আৰোপ কৰা হৈছিল এই বিষয়ে প্ৰাথমিক অনুসন্ধান নকৰাকৈয়ে সেই সময়ত একাংশ সংবাদ মাধ্যমে জাতীয় সংগঠনৰ নেতা কেইবাগৰাকীৰ বিৰুদ্ধে ডকাইতি তথা ধন দাবীৰ বাতৰি পৰিৱেশন কৰিছিল বুলি অভিযোগ তুলিছে সংগঠনটোৱে।লগতে এই বাতৰি সংগঠনৰ নেতাকেইগৰাকীক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ লগতে সেই সময়ত কাৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰা সংগঠনটোৰ কামকাজত যতি পেলাবলৈ এনে ষড়যন্ত্ৰ কৰিছিল বুলি মন্তব্য কৰি নেতাগৰাকীয়ে।অৱশ্য আজি মহামান্য শিৱসাগৰ আদালতে উক্ত ঘটনাৰ ৰায়দান দানত নেতাকেইগৰাকীক নিৰ্দোষী ঘোষণা কৰাৰ লগে লগে সংগঠনটো এতিয়া সেইসমূহ বাতৰি পৰিবেশন কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰব হৈ পৰিছে আৰু উক্ত নিদিষ্ট সংবাদ মাধ্যমৰ বিৰুদ্ধে মানিহানি গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.