Daily Time Axom

বিশ্ব বেংকৰ পূঁজিৰে বেঁকী নদীৰ খহনীয়া ৰোধৰ কাম আৰম্ভ

0 31

অবৈধ খনন মোৰ ডিপাৰ্টমেণ্টত নহয়,অবৈধ খনন বেয়াঃ মন্ত্ৰী পিযুষ হাজৰিকা

অবৈধ খননকাৰ্য বন্ধ কৰিব নোৱাৰিলে কাটাঝাৰ পাথাৰ গাঁও বৰপেটা জিলাৰ মানচিত্ৰৰ পৰা আতঁৰি যোৱাৰ আশংকা

বৰপেটাৰোডৰ সমীপৰ গোবৰ্ধনাৰ ১১৮ বছৰীয়াঐতিহ্যমণ্ডিত শংকৰ-মাধৱ সত্ৰ খনৰ বান্ধৰ কাম মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব বুলি বসুমতাৰী নামৰ ঠিকাদাৰগৰাকীক ধমক দি মন্ত্ৰী পিয়ুষ হাজৰিকাই কয়,মাৰ্চ মাহৰ ভিতৰত কাম সম্পূৰ্ণ শেষ কৰিবই লাগিব মই কিন্তু জেং কৰা মানুহ বুলি নদীৰ খহনীয়া পৰিদৰ্শন কৰাৰ সময়ত এইদৰে কয় মন্ত্ৰী হাজৰিকাই।
সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰপেটাৰোডৰ উত্তৰ অঞ্চলত বেঁকী নদীয়ে বিগত কেইবাবছৰ ধৰি ভয়াবহ গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে আৰু গৰাখহনীয়াৰ ফলত ইতিমধ্যে হাজাৰ হাজাৰ বিঘা মাটি, ঘৰ-দুৱাৰ আৰু ৰাজহুৱা সম্পত্তি বেকী নদীৰ বুকুত জাহ গৈছে।বাৰিষা অহাৰ পূৰ্বেই বছৰ বছৰ ধৰি বেঁকী নৈৰ খহনীয়াত দিশহাৰা হোৱা অঞ্চলটোৰ বাবে যেন এক সুখবৰ৷ বিশ্ব বেংকৰ পৰা মঞ্জুৰ হোৱা পূঁজিৰে আজিৰেপৰা বেঁকী নৈৰ খহনীয়া ৰোধৰ কাম আৰম্ভ কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷ আজি বেঁকী নৈপৰীয়া ঠাই কাটাঝাৰ আৰু ছাফাকামাৰত উপস্থিত হৈ এই মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই৷মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ামতে বিশ্ব বেংকৰ প্ৰজেক্টমতে নামনিৰ বেঁকী আৰু উজনিৰ বুঢ়ীদিহিং নদীৰ খহনীয়া ৰোধৰ বাবে ইতিমধ্যে ১২৫০ কোটি টকাৰ মঞ্জুৰ কৰা হৈছে৷ এইখিনি ধন চাৰিটাকৈ ফ্ৰেছত দিয়া হ’ব৷ সম্প্ৰতি ১২০ কোটি টকা বেঁকীৰ খহনীয়া ৰোধৰ কাম কৰিবলৈ মুকলি কৰি দিয়া হৈছে আৰু এই টকাৰে খহনীয়া ৰোধৰ কাম আজিৰেপৰা আৰম্ভ হৈছে৷ ইফালে বেঁকী নৈত দিনেনিশাই অবৈধ খনন চলি থকা সন্দৰ্ভত মন্ত্ৰী হাজৰিকাই কয়-খনন মই নাচাও৷উপায়ুক্তক ক’ব,অভিভাৱক মন্ত্ৰীক ক’ব৷অবৈধ খনন বেয়া অবৈধ খনন মোৰ ডিপাৰ্টমেণ্টত নহয়৷ছাফাকামাৰত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰী গৰাকীয়ে শতবৰ্ষ গৰকা,সম্প্ৰতি বেঁকীৰ খহনীয়াত জাহ যাব ওলোৱা বাগছৰ গোৱৰ্ধনা শংকৰ মাধৱ সত্ৰখনো পৰিদৰ্শন কৰে৷পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে। ৰাইজৰ দাবী অনুসাৰে যদি চৰকাৰে অবৈধ খননকাৰ্য বন্ধ নকৰে তেতিয়া হ’লে সৰভোগ সমষ্টিৰ অতিকৈ পুৰণি গাওঁ ‌সমূহৰ ভিতৰত কাটাঝাৰ পাথাৰ আৰু ‌ছাফাকামাৰ এই ২ গাঁওৰ ৭০ শতাংশ ইতিমধ্যে নদীৰ বুকুত জা গৈছে আৰু থকা অংশ যদি চৰকাৰে ইয়াক কোনো ব্যৱস্থা নকৰে তেতিয়া হ’লে ‌সম্পূৰ্ণৰূপে নদীৰ কৰাল গ্ৰাসত পৰিণত হ’ব । ইতিমধ্যে নদীৰ খহনীয়াৰ বাবে কাটাঝাৰ পাথাৰ গাঁও আৰু ছাফাকামাৰৰ শশ পৰিয়াল অঘৰী হৈ দিন পাৰ কৰিব লগা হৈছে আৰু বেঁকীৰ বুকুত চলা এই অবৈধ খননৰ ফলত বেঁকীয়ে আৰু তীব্ৰ গতিত খহনীয়াৰ সৃষ্টি আৰম্ভ কৰে কিন্তু এইবোৰ চৰকাৰৰ কোনো বিষয়া বা ৰাজনৈতিক নেতাৰ ‌চকুত নপৰে। প্ৰাপ্ত খবৰ অনুসৰি বৰ্তমান ৰাজ্যখনত চলি থকা চৰকাৰৰ ‌কিছু স্থায়ী নেতা পালি নেতাসকলে কেৱল নিজৰ মুনাফা পূৰণ কৰিবৰ ‌এই ধৰণৰ অসামাজিক কাম কৰাৰ অভিযোগ উঠিছে। সঁচা অৰ্থত ‌এই ধৰণৰ নেতিবোৰক প্ৰশাসনে ‌নাকি লগাব পাৰিবনে, সেইটো এতিয়া লাখ টকীয়া প্ৰশ্নৰ উদয় হৈছে।

Leave A Reply

Your email address will not be published.